5 Soybean Recipe In Assamese Language চয়াবিনৰ ৰেচিপি

Assamese Recipe | Food In Assamese | Axomiya Recipe

5 Soybean Recipe In Assamese Language চয়াবিনৰ ৰেচিপি

আটা
      চয়াবিনৰ পৰা আটা তৈয়াৰ কৰিবলৈ হ'লে প্ৰথমে চয়াবিনখিনি প্ৰায় ২০ মিনিট সময় পানীত উতলাই ল'ব। ইয়াৰ পিছত চয়াবিনখিনি উলিয়াই ৰ'দত শুকুৱাব। শুকুওৱাৰ পিছত গুড়ি কৰি ল'ব। এয়াই হ'ল চয়াবিনৰ আটা। চয়াবিনৰ আটাৰ সৈতে ঘেহুঁৰ আটা বা বেচন মিহলাই বিভিন্ন খাদ্যবস্তু বনাব পাৰি। শুকান চয়াবিন ঘেহুঁ বা বুটৰ সৈতে মিহলাই গুড়ি কৰি ল'ব পাৰে।

পনিৰ:
     চয়া পনিৰ চয়াবিনৰ পৰা প্ৰস্তুত আন এক উত্তম খাদ্যদ্ৰব্য। এই পনিৰ খুব সহজে হজম হয়। চয়া পনিৰ বনাবলৈ গৰম পানীত চয়াবিনৰ গুটি তিয়াই থৈ পিছত ঠাণ্ডা পানীত তিয়াই ৰাখিব। ইয়াৰ পিছত গৰম পানী দি মিক্সিত দিব। কিছু সময়ৰ পিছত ইয়াৰ পৰা ওলোৱা গাখীৰখিনি চেকি লৈ উতলাব। ৫-১০ মিনিট পিছত গাখীৰখিনিত কেলচিয়াম ক্ল'ৰাইড মিহলাই কাপোৰেৰে মেৰিয়াই ওজন থকা বস্তুৰে হেঁচা মাৰি ৰাখিব। ১৫-২০ মিনিট পিছতে পনিৰখিনি টুকুৰা টুকুৰকৈ কাটি ল'ব। 

চয়াবিনৰ নিমকি:
      চয়াবিনৰ গুটি নিমখ মিহলি পানীত ১৫-২০ মিনিট সময় উতলোৱাৰ পিছত গুটিখিনি কিছু সময় মুকলিকৈ থৈ দিব। এতিয়া চয়াবিনখিনি গৰম তেল দি ভাজিব আৰু সোৱাদ অনুসৰি মছলা মিহলাব। 

চয়াবিনৰ বড় ভজা:
       চয়াবিন, মগু দাইল, বুট সম পৰিমাণে লৈ মিক্সিত দি গুড়ি কৰি ল'ব। ইয়াৰ পিছত ইয়াত জলকীয়া, আদা, হিং আদি মিহলাই ডাঙৰ ডাঙৰ লাড়ু বনাই ৰ'দত শুকুৱাই ল'ব। এতিয়া এইবোৰ আৱশ্যক অনুসৰি বড় ভাজি খাব পাৰিব। 

চয়াবিনৰ গাখীৰ:
        চয়াবিনৰ গুটিবোৰ প্ৰায় ৫-৬ ঘণ্টা সময় পানীত তিয়াই থ'ব। এতিয়া (এভাগ পানী, ছভাগ চয়াবিন) পানীত তিয়াই থোৱা চয়াবিনখিনি মিহলাই মিক্সাৰ গ্ৰাইণ্ডাৰত দিব। এই মিশ্ৰণখিনি প্ৰায় ১২ মিনিট সময় উতলাব। পিছত মিশ্ৰণখিনি পৰিষ্কাৰ কাপোৰ এখনেৰে চেকি ল'ব। এই চেকি লোৱা ৰসৰ ৰঙ বগা আৰু এয়াই হ'ল চয়াবিনৰ গাখীৰ। প্ৰয়োজন অনুসৰি চেনি মিহলাব। ইয়াত সুগন্ধি দ্ৰব্যও মিহলাই ল'ব পাৰে। 

✍️ সুস্মিতা দত্ত
Continue Reading

Related Health & Fitness Articles See all Articles

line.svg