500+ এটা শব্দত প্ৰকাশ কৰা Assaamese (UPDATE)

Written by Class Question Answer  »  Updated on: March 29th, 2024

500+ এটা শব্দত প্ৰকাশ কৰা Assaamese (UPDATE)

(১) ধান থোৱা ঘৰ = ভঁৰাল ৷

(২) দুটা মাহৰ মাজৰ দিন = দোমাহী বা সংক্ৰান্তি ৷

(৩) বিহুৰ আগ দিনা = উৰুকা ৷

(৪) গৰু বন্ধা ঘৰ = গোহালি ৷

(৫) শিং নথকা গৰু = লাওমূৰা ৷

(৬) পনীয়া গাখীৰ দিয়া গাই = জলাহী

(৭) দুই বছৰৰ মূৰত পোৱালি দিয়া গাই = দুৰচী ৷

(৮) হাল বোৱা গৰু = বলধ ৷

(৯) গৰু চৰোৱা লোক = গৰখীয়া ৷

(১০) গৰুৰ পোৱালি = দামুৰি ৷

(১১) ঘোঁৰা বন্ধা ঘৰ = অস্তাবল ৷

(১২) হাতী চৰোৱা লোক = মাউত ৷

(১৩) দাঁত ওলোৱা হাতী = দঁতাল ৷

(১৪) আনৰ ভাল দেখিব নোৱাৰা = চকুচৰহা/ পৰশ্ৰীকাতৰ ৷

(১৫) যাৰ মূৰত চুলি নাই = তপা ।

(১৬) গোটেই জীৱন জুৰি = আজীৱন

(১৭) ভৰিৰপৰা মূৰলৈকে = আপাদমস্তক।

(১৮) যাৰ হাত আঁঠৰ তললৈকে পৰা = আজানুলম্বিত ৷

(১৯) যি ৰাতি চৰে = নিশাচৰ।

(২০) ধান ৰোৱা তিৰোতা = ৰোৱনী।

(২১) ধান দোৱা তিৰোতা = দাৱনী।

(২২) যি কথা কব নোৱাৰে = বোবা ৷

(২৩) যি এটা চকুৰে নেদেখে = কণা

(২৪) দুয়োটা চকুৰে নেদেখা লোক = অন্ধ ৷

(২৫) যি দিনত নেদেখে = দিনকণা ৷

নিয়মমতে খৰচ কৰে যি :-মিতব্যয়ী


ভাল পানী পোৱা ঠাই। : সুজলা


আনৰ দেশত বাস কৰা লোক : প্রবাসী


যিটো বেছি দীঘল নহয় : নাতিদীর্ঘ


যি কথাৰ অৰ্থ নাই : নিৰৰ্থক, অর্থহীন


নিজৰ জন্মহোৱা ঠাই : জন্মভূমি 


গৰু বন্ধা ঘৰ : গোহালি


ধান থোৱা ঘৰ :- ভঁৰাল


যি যুঁজ কৰে : যুঁজাৰু


যি পাঠ কৰে : পাঠক


যি ধান দায় : দাবনী


যি শিক্ষা দিয়ে : শিক্ষক


যি কিতাপ পঢ়ে : পঢ়ুৱৈ


যিজনে গীত গায় : গায়ক


যি সত্য কথা কয় : সত্যবাদী


যি মিছা কথা কয় : মিছলীয়া


যি পানীত থাকে : জলচৰ


যি পানীত জন্মে : জলজ


যি বোকাত জন্মে : পংকজ


যি নিজ দেশত থাকে : স্বদেশী


যি বিদেশৰ পৰা আহে : বিদেশী


কাপোৰ চিলোৱা মানুহ : দর্জী


মাটিৰ বাচন গঢ়া মানুহ : কুমাৰ


কৃষি কাম কৰা মানুহ : কৃষক, খেতিয়ক


পিতাৰ সৰু ভাই : খুৰা, দদাইদেউ


মাৰ ভায়েক : মোমাই, মামা


যাৰ আশ্ৰয় নাই : নিৰাশ্রয়


ঘৰত পোহা জন্তু : পোহনীয়া , ঘৰচীয়া


চুলি কটা মানুহ : নাপিত


জুই ধৰি ৰখা ঠাই: জুহাল


জিলাৰ অধিপতি বিষয়া : উপায়ুক্ত, জিলাধিপতি


যি নিজৰ দেশক ভাল পায় : দেশপ্রেমিক,দেশভক্ত


ডাকঘৰৰ চিঠি বিতৰণ কৰা মানুহ : পিয়ন,ডাকোৱাল


ধানৰ বাকলি : তুহ


ধান ৰোৱা তিৰোতা: বোৱনী


ধন আছে যাৰ: ধনী


পৱিত্ৰ কামত মৃত্যুবৰণ কৰা লোক: শ্বহীদ


বনত থকা জন্তু: বনৰীয়া


বল আছে যাৰ: বলী


বাইদেউ বা ভনীৰ ল'ৰা : ভাগিন


বাটেৰে যোৱা মানুহ: বাটৰুৱা


মাকৰ ভনী: মাহী


মাকৰ বায়েক: জেঠাই


যাৰ শত্রু নাই: অজাতশত্রু


যাৰ ঋণ নাই: অঋণী


ৰূপৰ দৰে বৰণ: ৰূপালী


যিটো দেখা নাযায়: অদৃশ্য


যি কথা বিশ্বাস কৰিব নোৱাৰি: অবিশ্বাস্য


যি ৰাতি ফুৰে: নিশাচৰ


যি পুৰুষৰ ঘৈণীয়েক মৰিছে: বিপত্নীক


যাক মূল্যৰে কিনিব নোৱাৰি: অমূল্য


যাৰ মূল্য নাই: মূল্যহীন


মাগি ফুৰা মানুহ: মগনীয়া


এটা চকুৰে নেদেখা মানুহ : কণা

১৭১) সঁচা কথা কোৱা মানুহ = সত্যবাদী ৷

(১৭২) মিছা কথা কোৱা লোক = মিছলীয়া।

(১৭৩) যাক বাৰণ কৰিব নোৱাৰি = অনিবাৰ্য ৷

(১৭৪) যাক পৰিহাৰ কৰিব নোৱাৰি = অপৰিহাৰ্য

(১৭৫) যাক বৰ্ণনা কৰিব নোৱাৰি = অবৰ্ণনীয় ৷

(১৭৬) শাৰীৰিকভাৱে অক্ষম যি = প্ৰতিবন্ধী ৷

(১৭৭) যি ফল কেঁচাও নহয় পকাও নহয় = ডহেচীয়া

(১৭৮) যাৰ পুত্র নাই = অপুত্রক

(১৭৯) যি বিদ্যালাভ কৰিছে = কৃতবিদ্য ৷

(১৮০) লোকৰপৰা পোৱা নিন্দা = লোকনিন্দা ।

(১৮১) সকলোকে সমানভাৱে দেখা = সমদৰ্শী ৷

(১৮২) সৈন্য থকা ঠাই = ছাউনী ৷

(১৮৩) যি নগৰত থাকে = নগৰীয়া ৷

(১৮৪) যি গাঁৱত থাকে = গাঁৱলীয়া ৷

(১৮৫) গান গোৱা লোক = গায়ক ৷

(১৮৬) নাটক লিখা লোক = নাট্যকাৰ ৷

(১৮৭) কবিতা লিখা লোক = কবি ।

(১৮৮) ছবি অঁকা লোক = চিত্ৰকাৰ ৷

(১৮৯) মাছ মৰা লোক = মাছুৱৈ/মাছমৰীয়া

(১৯০) যাক সকলোৱে জানে = বিখ্যাত ৷

(১৯১) যাক কোনেও নাজানে = অখ্যাত ৷

(১৯২) যি সকলোৰে মাজত প্ৰিয় = লোকপ্ৰিয়

(১৯৩) যি বহুত কথা কয় = বহুবল্কী ৷

(১৯৪) যি সংকল্প কৰিছে = কৃতসংকল্প।

(১৯৫) যি শত্ৰুক বধ কৰে = শত্ৰুঘ্ন।

(১৯৬) ধানৰ বাকলি = তুঁহ ৷

(১৯৭) আহাৰ জীৰ্ণ নোযোৱা কাৰণে হোৱা বেমাৰ = অজীৰ্ণ ৷

(১৯৮) সহজে যি জীণ যায় = লঘুপাকী ৷

(১৯৯) যি মাটি ফুটি ওলায় = উদ্ভিদ ৷

(২০০) যি এই লোকৰ নহয় = অলৌকিক ৷

(২০১) যাক শুনিব নোৱাৰি = অশ্ৰাব্য ৷

(২০২) যি কথা কোৱা উচিত নহয় = অকথ্য।

(২০৩) যি পুৰি নাযায় = অদাহ্য ৷

(২০৪) বিয়া নকৰোৱা মানুহ = অবিবাহিত ৷

(২০৫) যাৰ বিয়া হৈছে = বিবাহিত ৷

(২০৬) যি কোনো পক্ষ নলয় = নিৰপেক্ষ।

(২০৭) যি আনৰ বস্তু বলেৰে নিয়ে = ডকাইত ৷

(২০৮) যি ভয় নকৰে = নিৰ্ভীক ৷

(২০৯) যাক নিমিষতে ভঙ্গ কৰিব পাৰি = ক্ষণভঙ্গুৰ ৷

(২১০) বুকুৰে বগাই যোৱা প্ৰাণী = সৰীসৃপ ৷

(২১১) বহুত মানুহ একেলগে যোৱা = সমদল ৷

(২১২) যাক মূল্য দি কিনিব নোৱাৰে = অমূল্য ।

(২১৩) যি নিজৰ কেৱল কথা চিন্তা কৰে = স্বাৰ্থপৰ ।

(২১৪) বাঁহ গাজৰ পৰা তৈয়াৰ কৰা খাদ্য = খৰিচা ৷

(২১৫) খাৰেৰে সনা সৰিহৰ গুৰি = খাৰলি ৷

(২১৬) যি গৰমো নহয় ঠাণ্ডাও নহয় = কুহুমীয়া ৷

(২১৭) যি ভিক্ষাৰে জীৱন নিৰ্বাহ কৰে = ভিক্ষাৰী ৷

(২১৮) যি খুজি মাগি খায় = খোজনীয়া/ মগনিয়া ৷

(২১৯) যাৰ ধাৰ আছে = ধাৰুৱা ৷

(২২০) ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰা তিৰোতা = পোহাৰী ৷

(২২১) যাৰ ধন আছে = ধনী ৷

(২২২) যাৰ মান আছে = মানী ৷

(২২৩) যাৰ ঋণ আছে = ঋণী ৷

(২২৪) যাৰ একোৱেই নাই = নিঃস্ব ।

(২২৫) যি কথাৰ অৰ্থ নাই = নিৰৰ্থক ৷

(২২৬) য'ত বহুতো ল'ৰা - ছোৱালীয়ে পঢ়ে = পঢ়াশালী ৷

(২২৭) প্ৰাণক পণ কৰি = প্ৰাণপণে ।


Originally published on: https://www.notesmela.com/2024/03/eta-sobdot-prakash-kora.html



0 Comments Add Your Comment


Post a Comment

To leave a comment, please Login or Register


Related Posts