Assamese Chapter 1 Class 5 অসম আমাৰ ৰূপহী Question Answer

Written by Class Question Answer  »  Updated on: March 29th, 2024

Assamese Chapter 1 Class 5 অসম আমাৰ ৰূপহী Question Answer

Dear Students, if you are looking for Class 5 Assamese Chapter 1 Question Answer অসম আমাৰ ৰূপহী প্ৰথম অধ্যায় than you are in the right place, Today we will discuss all question answer from your class 5 chapter 1 Assamese book. Let's start.


Class 5 Assamese Chapter 1 Question Answer অসম আমাৰ ৰূপহী

Class 5 Assamese Chapter 1 Question Answer অসম আমাৰ ৰূপহী

অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ


ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ।


গোটেই জীৱন বিচাৰিলেও


অলেখ দিৱস ৰাতি


অসম দেশৰ দৰে নেপাওঁ


ইমান ৰসাল মাটি।


চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ


ভাৰতৰে পূৰ্ব দিশৰ সূর্য উঠা দেশ।


ব'হাগতে আমাৰে আই


মহুৰা হৈ ঘূৰে


মাঘত সোণৰ হাতেৰে


লখিমী আদৰে।


শৰৎ নিশাই তৰাৰে সজায় আইৰে কেশ।


ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।


পাহাৰ-ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে


তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে।


লৌহিত্যৰে বহল পাৰক প্ৰণিপাত কৰোঁ,


জন্ম ল'লোঁ ইয়াতেই, ইয়াতে যেন মৰোঁ।


পাম ক'ত এনে মধুৰ ৰূপৰ সমাৱেশ


ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ।                   


গীতিকাৰ - ডঃ ভূপেন হাজৰিকা।


(উৎস : ড° দিলীপ কুমাৰ দত্তৰ ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ',পৃষ্ঠা -১৭৭ প্ৰকাশক—বনলতা, পাণবজাৰ, গুৱাহাটী ১)        


ক্রিয়াকলাপ 


ক – পাঠভিত্তিক ক্রিয়া


🙇 গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা ।


🙇 গীতটি একক আৰু দলীয়ভাৱে (সমবেত সংগীত হিচাপে) গোৱা ।


উত্তৰ দিয়া ।

(ক) ড° ভূপেন হাজৰিকাই 'আই' বুলি কাক সম্বোধন কৰিছে ?


উত্তৰ- ড° ভূপেন হাজৰিকাই আই বুলি অসমক সম্বোধন কৰিছে ।


(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে ?


উত্তৰ - ড° ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে ।


(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায় ?


উত্তৰ - শৰৎ নিশাই আইৰ কেশ তৰাৰে সজায় ।


(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে ?


উত্তৰ- পাহাৰ-ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে ।


(ঙ) ড° ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছিল?


উত্তৰ- ড° ভূপেন হাজৰিকাই জন্মভূমি অসমতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে ।


(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই 'সূর্য উঠা দেশ' মানে কোনখন দেশক বুজাইছে ?


উত্তৰ- ড° ভূপেন হাজৰিকাই 'সূর্য উঠা দেশ' মানে অসম খনক বুজাইছে ।


(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে ?


উত্তৰ- গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি আন ক'তো নোপোৱাৰ কথা কৈছে 


প্ৰশ্ন ❓ ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা ?

উত্তৰ- "অসম আমাৰ ৰূপহী" গীতিটিত ড° ভূপেন হাজৰিকাই অসমৰ পৰিবেশ সম্পৰ্কে এক আভাস দাঙি ধৰিছে। তেওঁৰ জন্মভূমি অসমৰ পৰিৱেশত মুগ্ধ হৈ এই গীতটি ৰচনা কৰছিল । ভূপেন হাজৰিকাই অসমৰ দৰে ৰসাল মাটি কতো নাই বুলি কৈছে । অসম খনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে । ভাৰতবর্ষৰ পূৱ দিশত সূর্য উদয় হোৱা দেশ বুলি কৈছে ৷ অসমৰ সেউজ পৰিৱেশ চিৰ বিনন্দীয়া বুলি কৈছে । ইয়াতেই ব'হাগ মাহত শিপিনীসকলে নিজ হাতেৰে তাঁতশালত বিহুৱান বয় আৰু মাঘ মাহত কৃষকসকলে নিজ হাতেৰে সোণগুটি চপাই আনি ঘৰলৈ লখিমী আদৰে । শৰৎ কালৰ নিশাই আকাশখন উজ্জ্বল তৰাবোৰেৰে অসমখনক মনোমোহা কৰি সজাই তুলে ৷ অসমৰ মধুৰ ভাষা আৰু মৰম বোৰেই পাহাৰ-ভৈয়ামক একে কৰা ৰামধেনুৰ দৰেই অসমৰ জাতি, বৰ্ণ, ভাষা, ধৰ্মালম্বী লোকসকলোকে একতাৰে বান্ধি মিলন সেতু গঢ়ি তুলে ৷ অসমৰ সো-মাজেদি বৈ যোৱা বৰলুইতৰ বহল পাৰত থকা সকলোকে হাজৰিকাদেৱে প্ৰণাম জনাইছে ৷

🙇দলত আলাচনা কৰি বহলাই লিখা ।

(ক) ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি ?


উত্তৰ- বৰষুণৰ মাজেদি সূৰ্যৰ ৰশ্মি পাৰ হৈ আহোঁতে আকাশত দেখা দিয়া সাতোটা ৰঙৰ সমষ্টিক ৰামধনু হিচাপে দেখা দিয়া এক ৰঙীন পৰিঘটনা ।


ৰামধেনু দৰে পাহাৰ-ভৈয়াম একে কৰা মানে অসমৰ পাহাৰ আৰু ভৈয়ামত বাস কৰা মানুহৰ মাজত থকা মিলাপ্ৰীতিৰ কথা কৈছে। অসমৰ মধুৰ ভাষা আৰু মৰমবোৰে সকলোককে‌ একত্ৰিত কৰি মিলন সেতু গঢ়ি তোলে । 


(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্রণিপাত জনাইছে ? 


উত্তৰ- ব্রহ্মপুত্রৰ আন এটা নাম লৌহিত্য । ইয়াক বৰলুইত বুলিও জনা যায় ।


Originally posted: https://www.notesmela.com/2024/03/class-5-assamese-chapter-1.html



0 Comments Add Your Comment


Post a Comment

To leave a comment, please Login or Register


Related Posts